Logo
image

ইডিৰ জালত পশ্চিমবংগৰ মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকঃ মমতাই ক'লে, "এয়া বিজেপিৰ খেল"

ডিজিটেল ডেস্কঃ কেলংকাৰিৰ অভিযোগত ইডিৰ জালত পৰিল পশ্চিম বংগৰ বনমন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিক৷ শুকুৰবাৰে পুৱতি নিশা মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকক প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) দলে গ্ৰেপ্তাৰ কৰে। কেইবা কোটিটকীয়া ৰেচন কেলেংকাৰিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰে মল্লিকক।

ৰাজ্যখনৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাত (পিডিএছ) অনিয়মৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকক। কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোৱে তেওঁৰ ৮টাকৈ সম্পত্তিত প্ৰায় ২০ ঘণ্টা ধৰি অভিযান চলোৱাৰ অন্তত পুৱতি নিশাই গ্ৰেপ্তাৰ কৰে।

পশ্চিম বংগৰ আৰক্ষীৰ তদন্তৰ পিছত ইডিয়ে এই অনিময়ৰ তদন্ত কৰিছিল। বিগত সপ্তাহত ইডিয়ে একেটা গোচৰ সন্দৰ্ভত ব্যৱসায়ী বাকিবুৰ ৰেহমানক গ্ৰেপ্তাৰ কৰিছিল। ইডিয়ে বাকিবুৰ ৰহমানৰ নামত প্ৰায় ১০০ কোটি টকাৰ সম্পত্তিৰ সম্ভেদ পোৱাৰ লগতে বাকিবুৰ মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকৰ অতি ঘনিষ্ঠ বুলি তথ্য পোহৰলৈ আহিছে।

উল্লেখযোগ্য যে ইডিৰ এই অভিযানৰ পিছতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইডিক তীব্ৰ সমালোচনা কৰি এয়া বিজেপিৰ ৰাজনীতিৰ খেল বুলি অভিহিত কৰিছে। বেনাৰ্জীয়ে সতৰ্ক কৰি কয় যে যদি জ্যোতিপ্ৰিয় মল্লিকৰ স্বাস্থ্যৰ অৱনতি ঘটে, তেন্তে বিজেপিৰ আৰু ইডিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব।